Moupiya

Moupiya" Assames Song Lyrics Shankuraj Konwar & Maitrayee Patar


 কতেনো থমকিলে বাটৰুৱা মন

হেঁপাহৰ ৰাগি লাগি উতনুৱা মন
দাপোনত কাক দেখি আজি পাগল মন
হিয়াতে সাঁচি থলোঁ গধূলি মগন
ৰাখিবি যতনেৰে ফাগুনক মোৰ
বতাহে উৰুৱাব মন
নাযাবি থৈ ফাগুনক দোমোজাত মোৰে কাষত
খেলিমেলি সেন্দুৰীয়া বুকু যে লাজত
বনৰীয়া ফুলবোৰ যেন তোৰ গাৰে কাচং, সাতোৰঙী ৰামধেনু
সৰু সৰু কথাবোৰ
পাহে পাহে আঁকিলো
পথৰুৱা বাটতে মৌ-পিয়া সাধুকথা
এধানি এধানি জোনাকী সামৰা
চিকুণ চিকুণ হেঁপাহবোৰ
গুটিমালী গুটিমালী আশাবোৰ
সুহুৰিতে বকুল গধূলি কবিতা
জোনাকীৰে জাকে থৈ আহে
মোৰ আহিনক তোৰে কাষতে
নাযাবি থৈ আহিনক দোমোজাত মোৰে কাষত
খেলিমেলি সেন্দুৰীয়া বুকু যে লাজত
বনৰীয়া ফুলবোৰ যেন তোৰ গাৰে কাচং, সাতোৰঙী ৰামধেনু
সৰু সৰু কথাবোৰ
পাহে পাহে আঁকিলো
পথৰুৱা বাটতে মৌ-পিয়া সাধুকথা


Lyrics : Maitrayee Patar